Tuesday, 12 February 2019

অনুভূতি :





জীৱন কেৱল এক গতি নহয় ! বহুতো ঘটনা- পৰিঘটনাৰ এক সংমিশ্রন ।

অনুৰাগ, স্নাতক অন্তিম বর্ষৰ ছাত্র । নিজ Instagram Account ত scroll কৰি লৈ কিছু অতীত ৰোমন্থন কৰাৰ যত্ন কৰিছে । কিদৰে হেপাঁহৰ সাতোঁৰঙীন ৰামধেনুৰ মায়াময় তৰংগবোৰৰ অনুভূতি সি নিজেই অনুভৱ কৰিৱলৈ আৰম্ভ কৰিছিল নিজ জীৱনত । অতীতঁক সুৱঁৰি সি উপলব্ধি কৰিছে, কিদৰে সেউজীয়া ঘাহঁনিত শীতৰ পৰশত বুকুলৈ আনিছিল সেউজী জীৱনৰ ৰঙীন কল্পনা । জীৱন যেন সময়ৰ সৈতে কৰা গতি মাথোঁ বুলি ভাৱি নথৈ কিদৰে সপোন আৰু হেপাঁহে আগুৰা ধৰনীক আপোঁন বুলি কৈ আকোঁৱালি লৈ অন্তহীন স্বপ্নৰাজ্যৰ কল্পনা কৰিৱ লৈছিল ।

মোৱাইল স্ক্রীণৰ সময়টোলৈ চাই দেখে ৰাতিপুৱাৰ দহ বাজি পাৰ হৈ গৈছে, হোষ্টেল ৰ’মত অকলে সি বর্তমান ; লগৰীয়াবোৰ ক্লাছলৈ গৈছে কিন্তু মন নাই আজি তাৰ ক্লাছলৈ যাৱৰ বাবে । খিৰিকীৰ পৰা পাৰ হৈ ভিতৰলৈ সোমাই অহা এচাটি বতাহে  স্বপ্নৰাজ্যৰ পৰা বাস্তৱলৈ ঘুৰাই আনিছে অনুৰাগক আৰু অনুধাৱন কৰাৰ যত্ন তাৰ- কিনো হ’ল জীৱন মানে কেৱল নিজ হাৱিয়াস পুৰণৰ খেল নহয় । ঈসিতাৰ ইচ্ছাই তাৰ ইচ্ছা হ’ৱ, মানি ল’ৱ তাইৰ সিন্ধান্তক ঠিক একেদৰেই যিদৰে আন দহগৰাকীতকৈ তাইৰ প্রশংসাত সি আপ্লুত হয় প্রতিবাৰ । জীৱন এনেকুৱাই, এনেদৰেই আগবাঢ়ি যাৱ বুলি মনৰ আৱেগতকৈ কিছু বাস্তৱিকতাৰ কথা চিন্তা আগবঢ়াঁলে । এনেদৰেই নিজকে বুজনি দি মনৰ কথাবোৰ কল্পনাৰ সাগৰত ডুৱ গৈ নিজ ডায়েৰীৰ এখিলা কাগজত বিৱৰী লিখা আৰম্ভ কৰিলে অনুৰাগে –



“ Dear ঈসিতা, মনত আছেনে সেইদিন, যিদিনা মৃদু হাঁহি এটিৰ সৈতে ‘Hello’ বুলি কৈ তোমাৰ সৈতে কথা-পতা আৰম্ভ কৰিছিলো । তাৰ পিছত as usual কোনটো Sem-ত পঢ়া, কোনটো Department, ঘৰ ক’ত আদি Not So Interesting কথাবোৰৰ মাজত আমাৰ Interesting Conversations -ৰ আৰম্ভ ঘটিছিল ।

তুমি জানানে ? যেতিয়াই মোৰ মনত কিছু নিৰাশা ভাঁহি আহে, তেতিয়া কেৱল দুটাই উপায় আছে মোৰ মনক পুনৰ সতেজ কৰাৰ । এক গৰম একাপ চাহ আৰু দ্বিতীয়তে, নিঃসন্দেহ তোমাক ভালপোৱাৰ অনুভৱ । আজি সেই ক’ম-ক’ম বুলি মনতে পুহিঁ ৰখা মনৰ ভাৱনাবোৰ যেনিৱা কৈ থৈছো তোমাক । একান্তই হৃদয়ত পালিত তোমাৰ প্রতি ভালপোৱাৰ সমস্ত কথা প্রকাশ কৰিছো তোমাৰ সন্মুখত । নাজানো, তোমাৰ প্রতি থকা এই প্রেমৰ কিৰণে তোমালৈ কিমান ভৱিষ্যজ্যোতিৰ সার্থকতা প্রদান কৰিৱ ।

জানা নিশ্চয়, মই, তুমি বা আনকোনোৱা, জীৱনত লগপোৱা কাৰোৱাক যদি আপোন বুলি আকোঁৱালি লওঁ, সহজতে এৰি দি পাহঁৰিৱ নিৱিচাৰো । যদিওঁৱা সময়ৰ পাকচক্রত পৰি সম্বন্ধ থাকক বা নাথাকক কিন্তু সেই ব্যক্তি বিশেষ বা ব্যক্তিত্বৰ অন্তৰংগ অনুভূতি সদায়ে আপোন হৈ থাকিৱ । জীৱনপথত বহুতো লোকৰ সমাগম ঘটিৱ , কথা-বার্তা হ’ৱ, বন্ধুত্ব- সম্বন্ধৰ এনাজৰী হ’ৱ নিশ্চয়, কিন্তু যাৰ দ্বাৰা অনুপ্রানিত হৈ জীৱনৰ বাবে সপোন ৰচাঁৰ আৰম্ভ ঘটিছিল, তেওঁলোকৰ স্মৃতি জীৱন-জুৰি কঢ়িয়াই লৈ ফুৰো আমি…… ।”

ইয়াতে থমকি ৰৈ মোৱাইল data টো on কৰি অনুৰাগে whatsapp ত status দি লিখিলে-

“ Be Cool, I will also respect your choice! After all, everyone has the right to choose the Colours of Life!!”





 

15 comments:

FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :