Thursday 22 September 2016

তুমি ঃ © bsntnirola

বৰষুণৰ প্রতিটো টোপালত
নিজকে বিলীন কৰি লৈ
তোমাক কাষ চাপি অহা অনুভৱ হয় মোৰ,
বাকীলোকৰ পৃথিৱীত নিঃসন্দেহ
তোমাৰ কোনো অস্তিত্ব নাই,
কিন্তু মোৰ বাবে
তুমি মোৰ কবিতাবোৰৰ মাজত লুকাই আছা
তুমি মোৰ উদাসীনতাকো বুজি পোৱা,
সেয়েহে কথাওঁ পাতোঁ মই তোমাৰ সৈতে 
নিৰৱে – নিঃশব্দে প্রতিদিন ।

© bsntnirola

FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :