Sunday 1 November 2015

কিছু ব্যতিক্রম

 
Pic Taken by : bsnt
ইংৰাজীত কথা এষাৰ আছে, “We were made from dust , & to dust we will return”  অর্থাৎ আমি ধূলিৰে তৈয়াৰী আৰু ধূলিতে আমাৰ অন্ত । এয়াই হৈছে জীৱন । ধূলিৰ পৰা আৰম্ভ হৈ ধূলিতে অন্ত পৰা জীৱনৰ এই পৰিক্রমাৰ মাজতে থাকে সুখ-দুঃখ, হাঁহি-কান্দোন, ৰং-ৰইচ, আশা-আকাংশা, সপোন-কল্পনা, হিংসা-বিদ্বেষ, অন্যায়-অবিচাৰ আদি গোটেইবোৰ । এই দুই বিন্দুৰ মাজতে আমি সপোনজাকক খেদি ফুৰো, বিচাৰো নিজৰ বাবে এটি সু-বিশাল ধৰণী । তাৰ মাজতে মানুহ আৰু মানুহৰ মাজত হিংসা,অন্যায় বা শক্র ভাৱাপন্নৰ জন্মও এই দুই বিন্দুৰ মাজতে হয় । আমি এটি অঘোষিত প্রতিযোগিতালৈ গতি কৰো য’ত আমি নিজকেই শ্রেষ্ঠ বুলিবলৈ কুন্ঠাবোধ নকৰো । কিন্তু জীৱনৰ এই সময়ছোৱাত আমি কিছু ব্যতিক্রম চিন্তা কৰিৱ নোৱাৰোনে ?? আমি নোৱাৰোনে আটায়ে সুখে-শান্তিৰে সহাৱস্থান কৰাৰ কথা । আমি আনক বেয়া বুলিবলৈ যোৱাৰ আগেয়ে বিচাৰি উলিয়ামনে আমি নিজেই প্রকৃতার্থত কিমান ভাল ?? আমি নিজৰ স্বার্থৰ খাতিৰত সপোনজাকক খেদি ফুৰো কিন্তু সেই একেইখিনি স্বার্থ আনে গ্রহণ কৰা পৰিলক্ষিত হ’লে আমাৰ ইর্ষা জন্মাৰ কাৰণনো কি ?? ধুলিৰে আৰম্ভ হৈ ধুলিৰ আকাশত বিলীন হোৱা এই জীৱনকালত হ’বনে কেতিয়াবা আমাৰ আনৰ আশা-আকাংক্ষা পূৰণৰ বাবে কর্ম কৰি যোৱাৰ এক উদ্যম ?? জীৱনৰ বিয়লি বেলাত যেতিয়া আৰাম চেয়াৰ এখনত বহি যেতিয়া আমি নিজকে প্রশ্ন কৰিম যে মানুহ হিচাপে আমি কিমানখিনি কৰিব পাৰিলো তেতিয়া ওলাৱনে আমাৰ বাবে উত্তৰ একোটি ?? যিটো উত্তৰত আমাৰ কোনো স্বার্থৰ বর্ণনা নাথাকিব । যদি তেতিয়া উত্তৰবোৰ আমাৰ বাবে প্রস্তত হৈ নাথাকে তেন্তে ধূলিৰ এই জীৱনে কাৰোবাৰ হিয়াখনতো সংস্পর্শ নৰখাকৈ ধূলিতে অনায়াসে বিলীন হৈ যাৱ । তেতিয়া আমাৰ অতীতো হয়তো জীয়াই নাথাকিব । 

FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :