Saturday 26 May 2018

জগ চুনা চুনা লগে.. ©bsntnirola




পিন্ধনত Wrogn Jeans আৰু Levi’s T-shirt | বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টৰ SBI ATM ৰ পৰা ওলাই আহিয়েই হাতত পিন্ধি থকা Titan ঘড়ীটিলৈ মন কৰিলো, 2.40PM তেতিয়া । ৰাস্তাখন পাৰ হৈ Bus stop পালোগৈ ।

“তেজপুৰ…..তেজপুৰ…”, বাছএখনৰ হেন্ডিমেনজনে সুৱৰাই আছিল যে বাছখন তেজপুৰলৈ যাৱ ।
“ তেজপুৰ যাৱা নেকি ?”, হেন্ডিমেনজনে প্রশ্ন কৰাত উত্তৰত ক’লো, “ নাই, ওচৰতে নাগশংকৰ যাম”
“ চেণ্টাৰ নামিৱা ?”, এ.চি.পি. প্রদ্যুমনে প্রশ্ন কৰাৰ দৰে তেওঁ পটকৈ পুনৰবাৰ প্রশ্ন কৰিলে ।
“ হয়, চেণ্টাৰ”, মই উত্তৰত ক’লো ।
“ উঠা ..” , অনুমতি দিলে যেনিৱা ।
লগে-লগে বাছখনত উঠিলো । বাছখনত আগৰে পৰা কিছুলোক বহি আছিল । চিট এখন চাই লৈ বহিলো । সুৱিধাজনক ভাৱে Window Seat এখন লৈ খিৰিকিৰ ফাকেদি বাহিৰৰ পিনে চাৱ ল’লো, কাষৰ চিটটো খালীয়েই আছিল । এনেতে এপলকৰ বাবে বাছৰ ভিতৰলৈ চাই দেখো কোনোৱা নায়িকা বাছখনত উঠিছে । মনত ভাৱ হ’ল নাম তাইৰ ঈসিতা, শ্মামালীনা আদিবোৰৰ দৰে আধুনিক হ’ৱ পাৰে । চেহেৰা দেখিয়েই অনুমান কৰিলো যে ইংৰাজী বলকিৱ ! সেয়েহে, আগবাঢ়ি অহা দেখি পুনৰ খিৰিকীৰ পৰা বাহিৰলৈ চাৱ ল’লো । উমান পালো যে ভঙা-ভঙা ইংৰাজীৰে ফেৰ মাৰিৱ নোৱাৰো ।
“দাদা, চিটটো অলপ সলাই লৈ বহিৱ পাৰিম নেকি ? মানে খিৰিকীৰ কাষৰ চিটটো দিৱ নেকি ? যদি বিশেষ আপত্তি নাই আপোনাৰ”
আচৰিত হ’লো, সাৱলীল অসমীয়াতে কৈ গ’ল সকলোখিনি । মানে ইংৰাজী মাধ্যমৰ স্কুলবোৰত অসমীয়া বিষয়টো বাধ্যতামূলক কৰাৰ ফল হয় চাগে এয়া । কাৰণ লগৰবোৰে ভালকৈ জানেই নহয় মোৰ অনুমান কেতিয়াওঁ মিছা নহয় বুলি, ইংৰাজী মাধ্যমতে পঢ়া-শুনা কৰা হ’ৱ লাগিৱ তাই । খাটাং কৈ ক’ৱ পাৰো ইমানখিনি । বাৰু, চিটটো সলাৱলৈ মান্তি হ’লো ।
কিন্তু, এইটোনো কি ?? দাদা…?? আপুনি….?? ইংৰাজীত মনৰ ভাৱ ক’ৱ গ’লে “Little bit I’m sad…” নাজানো কিয় কথা পতাৰ ইচ্ছা নগ’ল তাইৰ সৈতে । কেৱল মিহিকীয়া স্বৰত আকাশবানীত বাতৰি পঢ়াৰ ধৰণে গুন-গুনাৱ ল’লো, “ জগ চুনা চুনা লগে.. জগ চুনা লগে কিঅ’ ……”, পুনৰ কৈছো , নাজানো কিয় ??


If You Like This Story, Share With Your Friends too......

©bsntnirola

No comments:

Post a Comment

FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :