বৰষুণৰ প্রতিটো
টোপালত
নিজকে বিলীন কৰি
লৈ
তোমাক কাষ চাপি
অহা অনুভৱ হয় মোৰ,
বাকীলোকৰ পৃথিৱীত
নিঃসন্দেহ
তোমাৰ কোনো অস্তিত্ব
নাই,
কিন্তু মোৰ বাবে
তুমি মোৰ কবিতাবোৰৰ
মাজত লুকাই আছা
তুমি মোৰ উদাসীনতাকো
বুজি পোৱা,
সেয়েহে কথাওঁ
পাতোঁ মই তোমাৰ সৈতে
নিৰৱে – নিঃশব্দে
প্রতিদিন ।
© bsntnirola
No comments:
Post a Comment