Friday 18 December 2015

হিয়া….. The heart of man

প্ৰতিদিন মনলৈ পৰে তোমালৈ
ভাৱোঁ তুমি আহিবা কোনোবা এদিন মোৰ কাষলৈ
বিছাৰো
তোমাৰ শব্দৰ মিঠা বৰষুণে মোৰ জীৱন হেঙুলীয়া কৰি তুলিব,
তোমাৰ মৰমে মোৰ বুকুত সদায়ে হাহিঁ বিৰিঙাৱ ।
যেতিয়াই নিজান ৰজনী পাৰ কৰি
ৰাতিপুৱা দর্জাখন খুলি চাওঁ,
তোমাৰ উপস্থিতিৰ অনুভৱ হয় তেতিয়া
ব্রেড, বিস্কূট, চাহ আৰু অকণমান হাহিঁ লৈ ।
কেতিয়াবা আকৌ ভাৱো
তোমাৰ হাতত থাকিব কেৱল এপাহিঁ ফুলপাহ,
আহ্…. কি স্বার্থপৰ সপোন মোৰ?
মৰম কেৱল ফুলপাহতে লুকাই আছে নেকি??
বৰষুনতো তোমাক অনুভৱ কৰো
ভাৱো তুমি আহিবা আশাৰ নিজৰা হৈ ,
তুমি মোৰ উদাসীনতাকো বুজি পোৱা
সেয়ে সন্ধিয়াৰ ছাঁ তো তুমি লুকাই থাকা
আৰু হাত আগবঢ়ালেই ঢুকি পাওঁ তোমাক ।
কেতিয়াবা আকৌ ভাৱো
কি নাম দি মাতিম তোমাক মই ?
কাৰণ তোমাৰ বাবে এই হৃদয়ত সাচিঁ থৈছো বহুতো নাম

যিবোৰ সলনি হৈ থাকে মোৰ কবিতাৰ সৈতে ॥

FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :