জীৱন
কেৱল এক গতি নহয়
! বহুতো ঘটনা- পৰিঘটনাৰ এক
সংমিশ্রন ।
অনুৰাগ,
স্নাতক অন্তিম বর্ষৰ ছাত্র
। নিজ Instagram Account ত scroll কৰি
লৈ কিছু অতীত ৰোমন্থন
কৰাৰ যত্ন কৰিছে ।
কিদৰে হেপাঁহৰ সাতোঁৰঙীন ৰামধেনুৰ মায়াময় তৰংগবোৰৰ অনুভূতি সি নিজেই অনুভৱ
কৰিৱলৈ আৰম্ভ কৰিছিল নিজ
জীৱনত । অতীতঁক
সুৱঁৰি সি উপলব্ধি কৰিছে,
কিদৰে সেউজীয়া ঘাহঁনিত শীতৰ পৰশত বুকুলৈ
আনিছিল সেউজী জীৱনৰ ৰঙীন
কল্পনা । জীৱন
যেন সময়ৰ সৈতে কৰা
গতি মাথোঁ বুলি ভাৱি
নথৈ কিদৰে সপোন আৰু
হেপাঁহে আগুৰা ধৰনীক আপোঁন
বুলি কৈ আকোঁৱালি লৈ
অন্তহীন স্বপ্নৰাজ্যৰ কল্পনা কৰিৱ লৈছিল
।
মোৱাইল
স্ক্রীণৰ সময়টোলৈ চাই দেখে ৰাতিপুৱাৰ
দহ বাজি পাৰ হৈ
গৈছে, হোষ্টেল ৰ’মত অকলে
সি বর্তমান ; লগৰীয়াবোৰ ক্লাছলৈ গৈছে কিন্তু মন
নাই আজি তাৰ ক্লাছলৈ
যাৱৰ বাবে । খিৰিকীৰ
পৰা পাৰ হৈ ভিতৰলৈ
সোমাই অহা এচাটি বতাহে স্বপ্নৰাজ্যৰ পৰা বাস্তৱলৈ ঘুৰাই
আনিছে অনুৰাগক আৰু অনুধাৱন কৰাৰ
যত্ন তাৰ- কিনো হ’ল জীৱন মানে
কেৱল নিজ হাৱিয়াস পুৰণৰ
খেল নহয় । ঈসিতাৰ
ইচ্ছাই তাৰ ইচ্ছা হ’ৱ, মানি ল’ৱ তাইৰ সিন্ধান্তক
ঠিক একেদৰেই যিদৰে আন দহগৰাকীতকৈ
তাইৰ প্রশংসাত সি আপ্লুত হয়
প্রতিবাৰ । জীৱন
এনেকুৱাই, এনেদৰেই আগবাঢ়ি যাৱ বুলি মনৰ
আৱেগতকৈ কিছু বাস্তৱিকতাৰ কথা
চিন্তা আগবঢ়াঁলে । এনেদৰেই
নিজকে বুজনি দি মনৰ
কথাবোৰ কল্পনাৰ সাগৰত ডুৱ গৈ
নিজ ডায়েৰীৰ এখিলা কাগজত বিৱৰী
লিখা আৰম্ভ কৰিলে অনুৰাগে
–
“ Dear ঈসিতা, মনত
আছেনে সেইদিন, যিদিনা মৃদু হাঁহি
এটিৰ সৈতে ‘Hello’ বুলি কৈ তোমাৰ
সৈতে কথা-পতা আৰম্ভ
কৰিছিলো । তাৰ
পিছত as usual কোনটো Sem-ত পঢ়া, কোনটো
Department, ঘৰ ক’ত আদি
Not So Interesting কথাবোৰৰ
মাজত আমাৰ Interesting Conversations
-ৰ আৰম্ভ ঘটিছিল ।
তুমি
জানানে ? যেতিয়াই মোৰ মনত কিছু
নিৰাশা ভাঁহি আহে, তেতিয়া
কেৱল দুটাই উপায় আছে
মোৰ মনক পুনৰ সতেজ
কৰাৰ । এক
গৰম একাপ চাহ আৰু
দ্বিতীয়তে, নিঃসন্দেহ তোমাক ভালপোৱাৰ অনুভৱ
। আজি সেই
ক’ম-ক’ম
বুলি মনতে পুহিঁ ৰখা
মনৰ ভাৱনাবোৰ যেনিৱা কৈ থৈছো
তোমাক । একান্তই
হৃদয়ত পালিত তোমাৰ প্রতি
ভালপোৱাৰ সমস্ত কথা প্রকাশ
কৰিছো তোমাৰ সন্মুখত ।
নাজানো, তোমাৰ প্রতি থকা
এই প্রেমৰ কিৰণে তোমালৈ
কিমান ভৱিষ্যজ্যোতিৰ সার্থকতা প্রদান কৰিৱ ।
জানা
নিশ্চয়, মই, তুমি বা
আনকোনোৱা, জীৱনত লগপোৱা কাৰোৱাক যদি
আপোন বুলি আকোঁৱালি লওঁ,
সহজতে এৰি দি পাহঁৰিৱ
নিৱিচাৰো । যদিওঁৱা
সময়ৰ পাকচক্রত পৰি সম্বন্ধ থাকক
বা নাথাকক কিন্তু সেই
ব্যক্তি বিশেষ বা ব্যক্তিত্বৰ
অন্তৰংগ অনুভূতি সদায়ে আপোন হৈ
থাকিৱ । জীৱনপথত
বহুতো লোকৰ সমাগম ঘটিৱ
, কথা-বার্তা হ’ৱ,
বন্ধুত্ব- সম্বন্ধৰ এনাজৰী হ’ৱ
নিশ্চয়, কিন্তু যাৰ দ্বাৰা
অনুপ্রানিত হৈ জীৱনৰ বাবে
সপোন ৰচাঁৰ আৰম্ভ ঘটিছিল,
তেওঁলোকৰ স্মৃতি জীৱন-জুৰি
কঢ়িয়াই লৈ ফুৰো আমি……
।”
ইয়াতে
থমকি ৰৈ মোৱাইল data টো
on কৰি অনুৰাগে whatsapp ত status দি লিখিলে-
“ Be Cool, I will also respect
your choice! After all, everyone has the right to choose the Colours of
Life!!”