“কি হ’ল দুদিন
ধৰি মাত-বোল নাই ?”
“ তুমি জানাই
নহয় এয়াৰচেলে যে অন্তিম বিদায় লৈছে”
“জিঅ’ ছিমখন কিনি
দিছিলো নহয়, ক’ল এটাতো কৰিৱ পাৰা”
“ইহ… মোৰেই গাত
সকলো দোষ, কৈছিলো নহয় মই যোৱা সপ্তাহত জিঅ’ত ৩৪৯ ৰ ৰিচার্জ লাগে বুলি আৰু তেতিয়া
তুমি আজি নহয় কালিলৈ বুলি কৈ আজিলৈকে ৰিচাৰ্জ কৰি দিয়াই নাই”
“হ’ৱ বাৰু, বাইকত
উঠা হাটখোলাত ৰিচার্জ কৰাই দিম” – এইবুলি ৰাঘৱে বাইকখনক চেল্ফ ষ্টার্ট দিলে ।
“ আজি বাৰু ক’লৈ
যাম ?” – বাইকত উঠাৰ আগতে শ্মামালীনাই প্রশ্ন কৰিলে ।
ইয়াৰ লগে-লগে
১৮০ চি.চি. ৰ পালচাৰ বাইকে নিজ গতি ল’লে আৰু ৰাঘৱেই উত্তৰ দি কৈ গ’ল-
“ ইক’মলৈ আহিছিলো,
অ’ফিচৰ পার্ছেল এটা আছিল । ষ্টেট বেংক পাৰ হওঁতেই ‘দাস পোলাও’ৰ সুগন্ধ পাই তোমাক মনত
পৰিল , সেহেয়ে তোমাক নিৱ আহিলো কলেজলৈকে”
“ শুনাচোন, তুমি
‘ডেলিকেচি’ লৈ নিৱ নোৱাৰা নে ?”
“ না, নহ’ৱ ;
মোৰ অফিচৰ ওচৰত নিৱ নোৱাৰো তোমাক”
“ তেন্তে, ‘য়াম্মী
কিচেন’ ?”
“ ডার্লিঙ, ঠাই
বিছাৰি ফুৰোতেই মই বাইকৰ তেল শেষ কৰিৱ বিছৰা নাই ।গম পোৱা নিশ্চয়, ইটো সপ্তাহত দুৱাৰকৈ
পেট্রোলৰ দাম বাঢ়িছে । আৰু কিমান ক’লো সদায়- সদায় তোমাক এনেদৰে নিৱলৈ অহাতকৈ তুমি
পুলিচ পইণ্টলৈকে আহি যাৱা । নাই, নামানা তুমি !”
“বাৰু বাদ দিয়া,
‘দাস পোলাও’- লৈকে যাম ব’লা আৰু আগলৈ অনাহকত ওৱাটছ আপত ষ্টেটাছ নিদিবা ‘আই মিছ ইউ’
বুলি”
“বিশ্বনাথ ঘাটলৈ
যাওঁ ব’লা” – ৰাঘৱে সিদ্ধান্ত সলনি কৰি ক’লে ।
আচৰিত হৈ শ্মামালীনাৰ
প্রশ্ন, “ ঘাটলৈ কিয় ?”
“টাউনৰ মাজত কেতিয়াওঁ
নিস্তব্ধ নহয় পথবোৰ, সকলোৰেই চিনাকি বাট-পথ । ব’লা বিশ্বনাথ ঘাটলৈ গৈ বুঢ়া লোহিতৰ
সৈতে সুখ-দুঃখ আৰু অনুভৱৰ কথা পাতো । আৰু ডন্ট ফ’ৰগেট, এয়া তোমাৰ সপোন আছিল”
“চিনাকি বাট-পথ হ’লে
কি হ’ৱ ? আমি প্রেমহে কৰিছো….”
“ তুমি মোৰ এই
কথাষাৰক ফেচবুকৰ ষ্টেটাচ বুলি ভৱাৰ ভুল নকৰিৱা । বাস্তৱিকতালৈ আহা, ৰিভ’লেচ’নেৰী এটি-টিউড
ফেচবুকতে বেচ ভাল লাগে বুজিছা”
“ তুমি কেতিয়াৰ
পৰা বাস্তৱিকতাৰ কথা ক’ৱ ল’লা ?”
“ মই বাস্তৱেই
হয়, তোমাক ইমপ্রেছ কৰিৱলৈহে প্রথম-প্রথম আকাশৰ জোন-তৰা ছিঙি অনাৰ কথা দিছিলো”
“তুমি পাগল হৈ
গৈছা ; আজিয়েই ফেচবুক ডিয়েক্টিৱেট কৰি দিয়া । ফেচবুকত তুমি কবিতা নিলিখিলেও তোমাক
মই প্রেম কৰি যাম”
“ তুমিয়েও ‘দা
ৱায়েৰ’ ৰ প’লিটিকেল ষ্টোৰীবোৰক ফেচবুকত শ্বেয়াৰ নকৰি কিছু ৰিলেক্স হোৱাৰ দৰকাৰ”
“ সচাকৈয়েই আমি
প’লিটিক্স, চ’চাইটী, দেশ আৰু নীতি-আদর্শৰ কথা ভাৱি –ভাৱি আপোনজনক পাহৰি পেলাইছো” –
শ্মামালীনাই গম্ভীৰ হৈ ক’লে ।
“ কেৱল আপোনজনক
পাহৰি পেলোৱাই নহয়, নিজস্বতাক পাহৰিছো আৰু জীৱন জিনিৱলৈ পাহৰিছো” – ৰাঘৱে প্রত্ত্যুতৰত
ক’লে ।
“তুমি দার্শনিক
কেতিয়াৰ পৰা হ’লা ?”
“ বছ….. তোমাৰ
ফেচবুক ষ্টেটাছবোৰ পঢ়ি-পঢ়িয়েই শিকি লৈছো”
শ্মামালীনা নিমাত
এইবাৰ, যেন কিছু ভাৱিবলৈ যত্ন কৰিছে । এনেতে বাইকখনে বি.জি. ৰোডয়েদি আগবাঢ়ি ড্রিছট্রিক
লাইব্রেৰী পাৰ কৰিছে । শ্মামালীনাৰ পৰা কোনো উত্তৰ নোপোৱাত ৰাঘৱে গুণগুনাৱ ল’লে, “য়ে….চিলচিলা
হে প্যাৰ কা………”
©bsntnirola