আজি দেওবাৰ ।
শুই উঠিয়েই অনুৰাগ ব্যস্ত মোৱাইল
টিপাত । এয়া
নিত্য- নৈমেন্তিক নহয়, সচৰাচৰ ৰাতিৰ
ওৱাটছএপ মেজেছবোৰক চাই লৈ ফেচবুকত
যিসকলৰ জন্মদিন থাকে আটাইবোৰকে ওলগ
জনাই সামৰে ; নহ’লেনো অফিচলৈ দেৰি
হৈয়েই যাৱ আৰু বেংকৰ
চাকৰিত দেৰি কৰা মানে
দিনটোলৈ সর্বনাশী বিপদ মাতি অনা
। কিন্তু আজি
দেওবাৰ, ফ্রী ডে’ ।
“বাবা ঐ” , বাহিৰৰ পৰা
মায়ে মাত লগাইছে ।
সম্ভৱ বৰুৱানী বৰমায়ে ভাৱিছে তেওঁৰ “ৰাজা
ল’ৰা”-য়ে সাৰ
পোৱা নাই । সেয়েহে
অনুৰাগৰ কোঠালীৰ বন্ধ দুৱাৰৰ সন্মুখত
থিয় হৈ তেওঁ আকৌ
মাত লগালে, “সময় হৈছে উঠ,
বেছি দেৰিলৈকে শুই থকাও ভাল
নহয়” । “নাই
মা, মই সাৰে আছো
। ওলাইছো বাহিৰলৈ
ৰ’ৱ, প্রথমতে কিছু
ইম্প’র্টটেন্ট কাম শেষ কৰি
লওঁ” – অনুৰাগে মালৈ উদ্দেশ্য ক’লে ।
পিছে কিনো ইম্প’র্টটেন্ট
কাম কৰি আছিল অনুৰাগ
? আপুনিও ভাৱিছে চাগে তেনেকৈ
! সি কেৱল ফেচবুক মেচেন্জাৰতে
ব্যস্ত আছিল ।যোৱাটো
ৰাতি ফ্রেইণ্ড ৰিকুয়েষ্ট এটা দিছিল আৰু
ৰাতিপুৱা দেখে যে ৰিকুয়েষ্টটোক
সহাঁৰি জনাই থোৱা আছে
। ৰাতিপুৱাই ফেচবুক
অ’ন কৰিয়েই সর্বকালৰ
শ্রেষ্ঠ হাহিঁ বিৰিঙিছিল অনুৰাগৰ
মুখমন্ডলত | “
Hi Ishita, this is Anurag.. u can call me Baba. My mom use this nick name to
call me & thank you for accept my request”, অনুৰাগে
একে উশাহতে আটাইবোৰ কথা
বার্তা বাকচত টাইপ কৰি
পঠিয়ালে ।
“Hi, no need to say ‘thank u’ … Anurag is the best name to call you, because it sounds good to hear”. লগে লগে ৰিপ্লাইটো পাই অনুৰাগৰ স্ফুর্তি দুগুণহে বাঢ়িল আৰু কল্পনাৰ সাগৰত ডুৱ গৈ ভৱিষ্যতৰ বাবে বহুতো সপোন একপ্রকাৰে দেখিবলৈও আৰম্ভ কৰিছে । মনে সজা ধুনীয়া ধৰণীত বসবাস কৰাৰ প্রত্যকৰে এক হাৱিহাস । আমাৰ সকলোৰে সৰুকে হ’লেও এটা নিজা মন আছে আৰু এই মনটো থকা মানেই সৰুকে হ’লেও সপোন এটা পুহি ৰাখিৱ পাৰো । সপোন যেন মানুহৰ অদৃশ্য ডেউকা, কাৰণ সপোন আহে বাবেই আমি সময়ক পাহৰি নিজৰ জগতত বহুদুৰ উৰি ফুৰি থাকো । ঠিক একেই গতি অনুৰাগৰ । “ Hmmm…. How are you ? what’s happening ?”, অনুৰাগে আকৌ বার্তা বাকচত টাইপ কৰিলে এইদৰে । কিন্তু কি হ’ল ? ৰিপ্লাই আহিৱ বাকী । মনে কৈছে, ৰিপ্লাই আহিৱ নিশ্চয় । কিৱা কাৰণত মেচেজটোক চিন মাৰি থ’লে আৰু হয়তো মেচেজটো ভালদৰে চোৱা নাই । ভালদৰে চাই লৈ ৰিপ্লাই কৰিৱ তাই । এনেতে অচিনাকী নম্বৰৰ পৰা অনুৰাগলৈ অহা ফোনক’লে তাৰ স্বপ্নভংগ কৰিলে । নম্বৰটিলৈ ভালদৰে নোচোৱাকৈ ফোন ক’লটো ৰিছিভ কৰি ক’লে, “হেল্ল’…” ; “প্রিয় গ্রাহক, এতিয়া ৩৪৯ টকাৰে ৰিছার্জ কৰক আৰু পাওঁক ১ জিৱি ডেটা প্রতিদিন ২৮ দিনৰ ….” এইখিনিতে খঙতে অনুৰাগে ফোন ক’লটো কাটি দিলে । “Sorry for the delay. Actually, I have got my hubby’s phone call. M fine & how are you ?” অৱশেষত ৰিপ্লাইটো আহিল যেনিৱা কিন্তু কঢ়িয়াই আনিলে এবুকু নিৰাশা । মেচেজটোক চিন মাৰি থৈ মোৱাইল ডেটাটো অ’ফ কৰি অনুৰাগ ৰুমৰ পৰা ওলাই গ’ল । গুন-গুনাই গ’ল অংগৰাগ পাপন মহন্তৰ এই গীতৰ শাৰী “বুকুৰে গোপন ব্যথা কোনেও দেখা নাই…অ’...ৰিঙা ৰিঙা, ৰিঙা ৰিঙা লাগে কিয় আজি ….”

© bsntnirola