জীৱনটো এক গতি মাথোঁ
সময়ৰ সৈতে গতি সলায় এই জীৱনে,
এই গতিয়ে কেতিয়াৱা বহু কিবাকিবি দিয়ে
পোৱাৰ আনন্দত আত্মহাৰা হৈ উঠে জীৱন,
কেতিয়াৱা বহু কিবাকিবি কাঢ়ি নিয়ে
আনকি আপোনৰো আপোন হয় পৰ,
থকা-থমকা হয় জীৱন
দিশহাৰা দৃষ্টিত বাট হয় অবাট,
থমকি চালেওঁ
দেখা দিয়ে শূণ্যতাই ।
সপোন আহে আৰু সপোন যায়
সপোন টিকে আৰু সপোন ভাঙে,
অপ্রাপ্তিৰ বিষাদে যদি জীৱনক সাৱটি লয়
তেতিয়া নির্জন মেঘাছন্ন আকাশৰ তলত
টুলুং - ভুটুং কৈ গতি লয় জীৱনে
বৈঠাবিহীন নাৱৰ দৰে !!