প্ৰতিদিন মনলৈ
পৰে তোমালৈ
ভাৱোঁ তুমি আহিবা
কোনোবা এদিন মোৰ কাষলৈ
বিছাৰো
তোমাৰ শব্দৰ মিঠা
বৰষুণে মোৰ জীৱন হেঙুলীয়া কৰি তুলিব,
তোমাৰ মৰমে মোৰ
বুকুত সদায়ে হাহিঁ বিৰিঙাৱ ।
যেতিয়াই নিজান
ৰজনী পাৰ কৰি
ৰাতিপুৱা দর্জাখন
খুলি চাওঁ,
তোমাৰ উপস্থিতিৰ
অনুভৱ হয় তেতিয়া
ব্রেড, বিস্কূট,
চাহ আৰু অকণমান হাহিঁ লৈ ।
কেতিয়াবা আকৌ
ভাৱো
তোমাৰ হাতত থাকিব
কেৱল এপাহিঁ ফুলপাহ,
আহ্…. কি স্বার্থপৰ
সপোন মোৰ?
মৰম কেৱল ফুলপাহতে
লুকাই আছে নেকি??
বৰষুনতো তোমাক
অনুভৱ কৰো
ভাৱো তুমি আহিবা
আশাৰ নিজৰা হৈ ,
তুমি মোৰ উদাসীনতাকো
বুজি পোৱা
সেয়ে সন্ধিয়াৰ
ছাঁ তো তুমি লুকাই থাকা
আৰু হাত আগবঢ়ালেই
ঢুকি পাওঁ তোমাক ।
কেতিয়াবা আকৌ
ভাৱো
কি নাম দি মাতিম
তোমাক মই ?
কাৰণ তোমাৰ বাবে
এই হৃদয়ত সাচিঁ থৈছো বহুতো নাম
যিবোৰ সলনি হৈ
থাকে মোৰ কবিতাৰ সৈতে ॥